সৰ্বব্যাপী, সৰ্বস্পৰ্শী বিজেপি চৰকাৰৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি বিপিএফ আৰু গণ সুৰক্ষা পাৰ্টিৰ প্ৰায় শতাধিক সদস্যই বিজেপিত যোগদান আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা ‘যোগদান কাৰ্যসূচী’ত উপস্থিত থাকোঁ ৷ উক্ত অনুষ্ঠানত বি.পি.এফ. দল আৰু গণ সুৰক্ষা পাৰ্টিৰ প্ৰায় শতাধিক বিষয়ববীয়াই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ এইয়া আমাৰ দলৰ বাবে অতিকৈ শুভ লক্ষণ ৷ দললৈ নতুন কাৰ্যকৰ্তাৰ আগমনে দলৰ ভেটি অধিক মজবুত কৰি তোলে ৷আজি যোগদান কৰা প্ৰতিজন কাৰ্যকৰ্তাকে উষ্ম আদৰণি জনোৱাৰ লগতে সকলোকে মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো ৷ আগন্তুক দিনত ‘সেৱাই সংগঠন’ নীতিৰে দল তথা ৰাইজৰ বাবে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনালোঁ ৷






