ছিপাঝাৰ বিধানসভা সমষ্টিত পৃষ্ঠা প্ৰমুখ সন্মিলনত উপস্থিত থাকি বিষয়ববীয়াসকলক সততা তথা নিষ্ঠাৰে তেওঁলোকৰ নিজ নিজ দায়িত্ব আৰু কৰ্তব্য কৰি যাবলৈ আহ্বান জনাওঁ ৷ সমাগত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা #পৃষ্ঠা_প্ৰমুখ_সন্মিলন ত উপস্থিত থাকোঁ ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে সাধাৰণ ৰাইজক অৱগত কৰাৰ লগতে সেই আঁচনিসমূহ সঠিকভাৱে ৰূপায়নৰ ক্ষেত্ৰত পৃষ্ঠা প্ৰমুখসকলৰ ভূমিকা উল্লেখযোগ্য ৷ উক্ত সভাত পৃষ্ঠা প্ৰমুখৰ বিষয়ববীয়াসকলৰ সৈতে আগন্তুক ২০২১ বিধানসভা নিৰ্বাচনত তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে বিশদভাৱে আলোচনা কৰোঁ ৷ আমাৰ লক্ষ্য বিজেপি += ১০০+ লক্ষ্যত উপনীত হ’বৰ বাবে পৃষ্ঠা প্ৰমুখৰ বিষয়ববীয়াসকলে সততা আৰু নিষ্ঠাৰে বিৰামহীনভাৱে ৰাইজৰ সেৱা আগবঢ়াই যাবলৈ আজিৰ সভাত সকলোকে অনুৰোধ জনাওঁ ৷








