খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ দাবী আৰু অধিকাৰক সন্মান প্ৰদান কৰা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক জনাইছোঁ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতাআজি এক লাখৰো অধিক খিলঞ্জীয়া ভূমিপুত্ৰক ঐতিহ্যমণ্ডিত শিৱসাগৰৰ জেৰেঙা পথাৰত আনুষ্ঠানিকভাৱে ভূমিপট্টা প্ৰদানৰ আনুষ্ঠানিকতা সম্পন্ন কৰিলে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই৷এই ভূমিৰ অধিকাৰৰ দীৰ্ঘদিনীয়া দাবীক তথা খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ দাবী আৰু অধিকাৰক সন্মান প্ৰদানৰ বাবে ৰাজ্যৰ শাসনভাৰ লৈ অতি বলিষ্ঠ আৰু শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে ৰাজ্যৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, জাতীয় নায়ক, অসমীয়া ৰাইজৰ হিয়াৰ আমঠু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু তেখেতৰ চৰকাৰে৷নতুন ভূমি নীতি ঘোষণা আৰু ৰূপায়ণ কৰি, পূৰ্বৰ ভূমি নীতিৰ ব্যাপক সাল-সলনি কৰি খিলঞ্জীয়া ৰাইজক এটি নিগাজী ঠিকনা দি স্বাভিমানেৰে জীয়াই থকাৰ আজিৰ পৰিবেশ প্ৰদান কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ৷খিলঞ্জীয়া ৰাইজৰ প্ৰতি বিজেপি দল আৰু চৰকাৰৰ প্ৰতিশ্ৰুতি আৰু অংগীকাৰক নিপুনতা আৰু দক্ষতাৰে সাকাৰ ৰূপ দিয়াৰ হেতু মাননীয় সোণোৱাল ডাঙৰীয়াক অভিনন্দন জনাইছোঁ৷ঐতিহাসিক পদক্ষেপেৰে অসমৰ জাতীয় জীৱনত এক নতুন দিগন্তৰ সূচনা কৰা বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমবাসীৰ হৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷