“কৰিমগঞ্জ বিধানসভা সমষ্টিত #পৃষ্ঠা_প্ৰমুখ_সন্মিলন সম্বোধন কৰি সন্মানীয় পৃষ্ঠা প্ৰমুখ আৰু কাৰ্যকৰ্তা সকলক অধিক সক্ৰিয়তাৰে ‘২১ৰ নিৰ্বাচনলৈ দৃঢ়তাৰে দলীয় দায়িত্ব পালন কৰিবলৈ আহ্বান জনালোঁ” আজি কৰিমগঞ্জ বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা পৃষ্ঠা প্ৰমুখ সন্মিলনত অংশগ্ৰহণ কৰি আগন্তুক ২০২১ ৰ বিধানসভা নিৰ্বাচনলৈ সন্মানীয় পৃষ্ঠা প্ৰমুখ সকলক নিষ্ঠাৰে দলীয় দায়িত্ব পালন কৰিবলৈ আহ্বান জনোৱাৰ লগতে তেখেতসকলৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে বিস্তাৰভাৱে আলোচনা কৰোঁ ৷
মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সবল নেতৃত্বত ৰাজ্যত হোৱা উন্নয়নমূলক তথা জন কল্যাণমূলক কামসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰি ৰাইজৰ মাজত দলক সবল প্ৰতিষ্ঠাৰে ৰাইজৰ আশীষ বুটলাৰ উল্লেখনীয় দায়িত্ব আছে পৃষ্ঠা প্ৰমুখ সকলৰ।
আমাৰ লক্ষ্য বিজেপি += ১০০+ ৷ এই লক্ষ্যত উপনীত হ’বৰ বাবে উক্ত সভাত সকলোকে সুশৃংখলিত, ঐক্যবদ্ধ হৈ বিৰামহীনভাৱে দলৰ তথা ৰাইজৰ সেৱা কৰি যাবলৈ সকলোকে আহ্বান জনাওঁ।
উক্ত পৃষ্ঠা প্ৰমুখ সন্মিলনখনত মোৰ সহিতে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লা, শিলচৰৰ সাংসদ ড° ৰাজদ্বীপ ৰয়, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা, প্ৰাক্তন বিধায়ক তথা এ.আই.ডি.চিৰ চেয়াৰমেন মিছনৰঞ্জন দাস প্ৰমুখ্যে পৃষ্ঠা কাৰ্যকৰ্তাসকল উপস্থিত থাকে ৷








