” ভাজপাৰ সবল ভেটিৰ নিপুন সৈন্যিক আমাৰ পৃষ্ঠা প্ৰমুখসকল। এই সকল কাৰ্যকৰ্তাৰ উদ্যম আৰু বিৰামহীন সেৱাই আমাক লক্ষ্যত উপনীত কৰাব বুলি মই নিশ্চিত।

“দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিত পৃষ্ঠা প্ৰমুখ সন্মিলন সম্বোধন কৰি উৎসাহিত হোৱাৰ লগতে আত্মবিশ্বাস দুগুণ বৃদ্ধি পালে ৷ পৃষ্ঠা প্ৰমুখসকলৰ উদ্যমী মন, নিৰন্তৰ সেৱা আৰু বিৰামহীন কৰ্মসূচীৰ বাবে ‘২১ ৰ নিৰ্বাচনত সমষ্টিটোত ভাজপাৰ বিজয় সুনিশ্চিত ৷” ভাজপাৰ সবল ভেটিৰ নিপুন সৈন্যিক আমাৰ পৃষ্ঠা প্ৰমুখসকল। এই সকল কাৰ্যকৰ্তাৰ উদ্যম আৰু বিৰামহীন সেৱাই আমাক লক্ষ্যত উপনীত কৰাব বুলি মই নিশ্চিত।

বৰাক ভেলীৰ দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিত আজি অনুষ্ঠিত হোৱা পৃষ্ঠা প্ৰমুখৰ সন্মিলন সম্বোধন কৰোঁ। উক্ত সভাত আগন্তুক ২০২১ বিধানসভা নিৰ্বাচনত দক্ষিণ কৰিমগঞ্জ সমষ্টিতোত ভাৰতীয় জনতা পাৰ্টিৰ বিজয়ৰ ধ্বজ্জা উৰুৱাবৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে এই সন্দৰ্ভত সকলো দিশ সামৰি বিশদভাৱে আলোচনা কৰা হয়

পৃষ্ঠা প্ৰমুখ সকলৰ অপৰিসীম দায়িত্ব আৰু নিৰ্বাচন কেন্দ্ৰিক বিষয়সমূহক সুক্ষ্মভাবে আলোচনা কৰাৰ লগতে প্ৰতিজনকে ২০২১ৰ বিধানসভা নিৰ্বাচনলৈ দলীয় দায়িত্ব অতি সজাগতাৰে পালন কৰিবলৈ আহ্বান জনালোঁ। উক্ত সভা মোৰ সহিতে ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মাকে প্ৰমুখ্য কৰি দলীয় বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে ৷