আজি পাঠশালাৰ এই ঐতিহ্যমণ্ডিত নাট্যমন্দিৰৰ আন্তঃগাঁঠনি উন্নয়ন আৰু পুনৰ নিৰ্মাণ কাৰ্যৰ ৰাইজৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰোঁ।

পাঠশালা নাট্য মন্দিৰে সমগ্ৰ অঞ্চলটিকে সাংস্কৃতিক ক্ষেত্ৰখনৰে সংপৃক্ত কৰি, সাংস্কৃতিক ক্ষেত্ৰৰ ন-পুৰণি প্ৰতিভা সমূহক বিকাশৰ এখন সবল মঞ্চ প্ৰদান কৰি আহিছে। আজি পাঠশালাৰ এই ঐতিহ্যমণ্ডিত নাট্যমন্দিৰৰ আন্তঃগাঁঠনি উন্নয়ন আৰু পুনৰ নিৰ্মাণ কাৰ্যৰ ৰাইজৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰোঁ।মুখ্যমন্ত্ৰীৰ আনটাইড্ ফাণ্ডৰ আৱন্টিত ধনৰে নিৰ্মাণ হ’বলগীয়া নাট্য মন্দিৰটিৰ আন্তঃগাঁঠনি বৰ্তমানতকৈ সবল হোৱাৰ লগে লগে এই পৱিত্ৰ নাট্য মন্দিৰে সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰতিভা আৰু সচেতন লোকক অধিক সুবিধা প্ৰদান কৰি অঞ্চলটোকে এক সাংস্কৃতিক-সচেতন-স্বাভিমানৰ সন্মোহনে ভৰা পৰিৱেশ দিবলৈ সক্ষম হ’ব। মই নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত স্থানীয় ৰাইজক সজাগতাৰে নিৰ্মাণ কাৰ্য তদাৰক কৰিবলৈ বিশেষভাবে আহ্বান জনালোঁ ৷