গুৱাহাটীৰ গনেশগুৰিস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নৱ-নিৰ্মিত কাৰ্যালয়ৰ আজি বিধিগত নীতি-নিয়মৰ দ্বাৰা মাংগলিক অনুষ্ঠানৰ মাজেৰে শুভাৰম্ভ কৰোঁ।

দলৰ নতুন কাৰ্যালয়ে সকলো কাৰ্যকৰ্তাকে সেৱাৰ থলী হিচাপে একেখন মজিয়াক বিনিময় কৰাৰ সুবিধা প্ৰদান কৰাৰ লগতে সম ভাৱে সকলো কাৰ্যকৰ্তাক কাম কৰা প্ৰয়োজনীয় সুবিধাক অগ্ৰাধিকাৰ দিবলৈ সক্ষম হ’ব। মই এই শুভক্ষণত সকলো কাৰ্যকৰ্তাক শুভেচ্ছা প্ৰদান কৰাৰ লগতে দুগুন উৎসাহৰে কাম কৰি যাবলৈ আহ্বান জনালোঁ।

আজি নতুন কাৰ্যালয়ত ৮০ টা বসন্ত পাৰ কৰা আমাৰ সকলোৰে আদৰৰ, শ্ৰদ্ধাৰ ৰঙিয়া ব্লক মণ্ডলৰ প্ৰাক্তন সভাপতি সন্মানীয় ৰত্ন ডেকা ডাঙৰীয়াক সম্বধৰ্না জনাবলৈ পাই অতিকৈ সুখী হৈছোঁ। তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।






