ভাৰতীয় জনতা পাৰ্টিৰ জনপ্ৰিয় আলোচনী ‘অসমীয়া বিজেপি বাৰ্তা’ৰ ফেব্ৰুৱাৰী মাহৰ খণ্ডটিৰ শুভ উন্মোচন কৰোঁ

ভাৰতীয় জনতা পাৰ্টিৰ জনপ্ৰিয় আলোচনী ‘অসমীয়া বিজেপি বাৰ্তা’ৰ ফেব্ৰুৱাৰী মাহৰ খণ্ডটিৰ শুভ উন্মোচন কৰোঁ ৷

‘বিজেপি বাৰ্তা’ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখপত্ৰ হিচাপে প্ৰতিমাহে প্ৰকাশ হয় ৷ আজি এই আলোচনীখনৰ ফেব্ৰুৱাৰী, ২০২১ ৰ সংখ্যাটি শুভ উন্মোচন কৰি অতিশয় আনন্দিত হৈছো ৷ প্ৰতিমাহৰ দৰেই ফেব্ৰুৱাৰী মাহৰ সংখ্যাটোত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰখনৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস নীতিৰ আধাৰত ৰাজ্যখনত হোৱা প্ৰগতি আৰু উন্নয়নৰ তথ্যসমূহ সন্নিবিষ্ট কৰি প্ৰকাশ কৰা হৈছে ৷

Image may contain: 7 people, people standing

উক্ত সভাত মোৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসমৰ মাননীয় প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা ডাঙৰীয়া, মাননীয় মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ শৰ্মা ডাঙৰীয়া উপস্থিত থাকে ৷ বিজেপি বাৰ্তাৰ সম্পাদক শ্ৰীযুত দেৱদত্ত বৰকটকী ডাঙৰীয়া আৰু আলোচনীখনৰ লগত জড়িত সকলো কাৰ্যকৰ্তাকে মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ ৷

ফেব্ৰুৱাৰী মাহৰ “অসমীয়া বিজেপি বাৰ্তা”ৰ ডিজিটেল খণ্ডটি পঢ়িবলৈ তলত দিয়া লিংকত ক্লিক কৰক ৷