আজি পুৱা সদৌ অসম কেওত জাতীয় পৰিষদৰ বিষয়ববীয়াসকলে মোক সাক্ষাৎ কৰি সম্বৰ্ধনা জ্ঞাপন কৰে ৷ মোক এই সন্মান যঁচাৰ বাবে তেখেতসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷তেখেতসকলৰ অভাৱ-অভিযোগ তথা সমস্যা সমূহৰ বুজ ল’বৰ বাবে এক আলোচনাত মিলিত হওঁ ৷ আগন্তুক দিনত ইয়াৰ সমাধানৰ হেতু মোৰ তৰফৰ পৰা পাৰ্যমানে প্ৰচেষ্টা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰোঁ ৷ আমাৰ দল আৰু চৰকাৰে সদায়েই সকলো জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ আৰু সমন্বয় স্থাপন কৰি বিকশিত অসমৰ স্বপ্নক সাকাৰ ৰূপ দিবৰ বাবে নিৰন্তৰ কাম কৰি আহিছে আৰু অনাগত দিনতো কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ।







