বজালীবাসীৰ বহুদিনীয়া সপোন আজি ৰূপান্তৰ হ’ল বাস্তৱলৈ, বজালীয়ে লাভ কৰিলে আনুষ্ঠানিক জিলাৰ স্বীকৃতি

মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে সৰ্বস্তৰৰ ৰাইজে অতদিনে বুকুত লালন কৰি ৰখা সপোনবোৰক ক্ৰমাৎ বাস্তৱ ৰূপ দিবলৈ সবল ভাৱে সক্ষম হৈছে। ৰাজ্য চৰকাৰৰ জনগণৰ সপোন বাস্তৱলৈ ৰূপান্তৰৰ এই আলোকময় যাত্ৰাৰ অন্য এক দৃষ্টান্ত হৈছে বজালী মহকুমাক জিলালৈ উন্নীতকৰণ।আজি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দ্বাৰা বজালী জিলা তথা প্ৰশাসনৰ আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকি এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ যথেষ্ট সন্তোষ লভিছোঁ।

বজালী বাসী ৰাইজৰ বহুদিনীয়া এই সপোন বাস্তৱ হোৱাৰ এই ক্ষণে মোক অতিকৈ আপ্লুত কৰিছে। বজালী বাসীলৈ আন্তৰিক অভিনন্দন জনালোঁ। অনাগত দিনত জিলাখনে বিকশিত অসমৰ যাত্ৰাত অন্যতম হৈ ৰওক, তাৰেই শুভকামনা জনালোঁ। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা বজালী দুগ্ধ সংসাধন উদ্যোগৰ আধাৰশিলা স্থাপন কৰা হয়।
এই উদ্যােগে ৰাজ্যৰ যুৱক-যুৱতী সকলক আত্মনিৰ্ভৰ হোৱাৰ পথত অলেখ প্ৰেৰণা দিয়াৰ লগতে দুগ্ধ উৎপাদন আৰু ব্যৱসায়ৰ সৈতে জড়িত লোক সকলক সাহস প্ৰদান কৰি ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিক সবল কৰিব বুলি নিশ্চিত হৈছোঁ। সু-প্ৰশাসন আগুৱাই নিয়াৰ বাবে নৱ নিযুক্ত বজালী জিলাৰ উপায়ুক্ত ভবানী প্ৰসাদ শৰ্মা আৰু নৱ নিযুক্ত বজালীৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসক শুভেচ্ছা জনালোঁ ৷ আজিৰ এই সভাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মোৰ সৈতে অসমৰ উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী মাননীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া উপস্থিত থাকে ৷






