বিশাল বাইক ৰেলীত স্বতঃস্ফুট ভাৱে সঁহাৰি জনোৱা হাজাৰ হাজাৰ জনতাৰ জয়গানেৰে গুঞ্জৰিত আজি সৰভোগ সমষ্টি ৷ সৰভোগৰ যাতায়ত-যোগাযোগ ব্যৱস্থা হৈ ৰ’ব ৰাজ্যৰ বাবে দৃষ্টান্ত, ১৬৬.৬৪ কোটি টকা ব্যয়ৰে ২১ পথে পাব নৱৰূপ ৷

বিশাল বাইক ৰেলীত স্বতঃস্ফুট ভাৱে সঁহাৰি জনোৱা হাজাৰ হাজাৰ জনতাৰ জয়গানেৰে গুঞ্জৰিত আজি সৰভোগ সমষ্টি ৷ সৰভোগৰ যাতায়ত-যোগাযোগ ব্যৱস্থা হৈ ৰ’ব ৰাজ্যৰ বাবে দৃষ্টান্ত, ১৬৬.৬৪ কোটি টকা ব্যয়ৰে ২১ পথে পাব নৱৰূপ ৷

মোৰ নিজা সমষ্টি সৰভোগৰ সন্মানীয় ৰাইজে মোক সৰভোগৰ সেৱক হিচাপে নিৰ্বাচন কৰাৰ পাছৰেই পৰা মই ৰাইজৰ আশা-আকাংক্ষাক সদায় ৰাইজৰ মাজত থাকি সাকাৰ ৰূপ দিবলৈ চেষ্টা কৰি আহিছোঁ।

বিশেষভাৱে যোৱা চাৰে চাৰিটা বছৰত অসমৰ বিকাশৰ বাবে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দলৰ চৰকাৰে ক্ষীপ্ৰতাৰে যি প্ৰগতিৰ কাম আৰম্ভ কৰিলে, এই প্ৰগতিৰ যাত্ৰা পথত মই সৰভোগক অনন্য কৰি চামিল কৰিবলৈ পাই নিজকে সৌভাগ্যবান বুলি ভাবিছো ।এই ক্ষেত্ৰত মই সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সহিতে সন্মানীয় বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, কিয়নো সৰভোগৰ ৰাইজৰ প্ৰতিটো অভাৱ অভিযোগক মই নিষ্ঠাৰে পালন কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ অৱদানো অপৰিসীম।
আজি মোৰ নিজা সমষ্টি সৰভোগৰ মুঠ ২১ টা পথে ১৬৬.৬৪ কোটি টকা ব্যয়ৰে নৱৰূপ লাভ কৰাৰ ক্ষেত্ৰত যাত্ৰা আৰম্ভ কৰিলে। এই দৃঢ় আৰু অভিলাষী কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে অসম চৰকাৰ মাননীয় বিত্ত, লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। সৰভোগবাসীৰ যাতায়ত-যোগাযোগৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই পদক্ষেপ ৰাজ্যৰ বাবেই এই অনন্য দৃষ্টান্ত হৈ ৰ’ব।