জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু প্ৰমুখ্যে NSUI ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা ৰাজ্যিক সাধাৰণ সম্পাদককে ধৰি শতাধিক সদস্যই বিজেপিত যোগদান কৰি আগন্তুক ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দলৰ ভেটি অধিক সুদৃঢ় কৰিলে ৷
বিৰোধী দল কংগ্ৰেছৰ ভেটি খহাই আজি NSUI ৰ বহুকেইজন বিষয়ববীয়াই ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আস্থা ৰাখি বিজেপি ৰাজ্যিক মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

যিসময়ত কংগ্ৰেছে অসম বচাওঁ অভিযান চলাই আছে সেইসময়তে তেওঁলোকৰ চালিকা শক্তি ছাত্ৰ সংগঠন NSUI ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দেবাশ্ৰী বৰা, ৰাজ্যিক সাধাৰণ সম্পাদক মিঠু আহমেদ, ৰাজ্যিক সম্পাদক ইফটিকাৰ হুছেইনকে আদি কৰি মুখ্য বিষয়ববীয়া সকলে বিজেপিত যোগদান কৰাটোৱেই ইয়াকে সূচায় যে বৰ্তমান সময়ত ৰাইজৰ লগতে অন্য দল-সংগঠনৰো একমাত্ৰ ভৰষা হৈছে ভাৰতীয় জনতা পাৰ্টি ৷

আজি যোগদান কৰা প্ৰতিজন কাৰ্যকৰ্তাকে মোৰ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷ অনাগত দিনত সকলোৰে ঐক্যবদ্ধ সেৱা আৰু সহযোগিতা কামনা কৰিছোঁ ৷ আজিৰ এই যোগদান কাৰ্যসূচীত মোৰ সহিতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় পল্লৱলোচন দাস আৰু ডাঃ ৰাজদ্বীপ ৰয়, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷






