ৰাজ্য চৰকাৰৰ ‘অসম দৰ্শন’ আঁচনিয়ে আমাৰ আধ্যাত্মিক তথা সাংস্কৃতিক প্ৰাণকেন্দ্ৰ স্বৰূপ নামঘৰৰ সংৰক্ষণৰ ক্ষেত্ৰত অনন্য ভূমিকা গ্ৰহণ কৰিছে ৷

অসমীয়া জাতীয় জীৱনৰ আধ্যাত্মিক তথা সাংস্কৃতিক প্ৰাণকেন্দ্ৰ “নামঘৰ” সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা “অসম দৰ্শন” আঁচনিৰ অধীনত আজি বৰপেটা জিলাৰ ৫৮৪ টা নামঘৰলৈ বৰপেটা ৰোড ষ্টেডিয়ামত অনুষ্ঠিত “নামঘৰ সমূহলৈ ধনাদেশ বিতৰণ অনুষ্ঠান”ত আৰ্থিক অনুদানৰ চেক বিতৰণ কৰোঁ ৷

আমাৰ সাংস্কৃতিক-আধ্যাত্মিক পৰিকাঠামো সবল আৰু সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে গ্ৰহণ কৰা এই আঁচনিয়ে নামঘৰ সমূহৰ আন্তঃগাঁথনি সবল কৰি ৰাজ্যৰ নতুন প্ৰজন্মক স্বাভিমানৰে তথা নিজা পৰিচয়ৰে জীয়াই থকাৰ ক্ষেত্ৰত অনন্য ভূমিকা ল’ব।