আজি “শ্বহীদ অমিয়-হৰপতি শিশু উদ্যান”খন ৰাইজৰ সহযোগত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰোঁ

আজি মোৰ নিজা সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত নিজদমকাত অসম আন্দোলনত শ্বহীদ হোৱা বৰনগৰৰ সু-পুত্ৰ বীৰ শ্বহীদ অমিয় কুমাৰ নাথ আৰু শ্বহীদ হৰপতি তালুকদাৰৰ পৱিত্ৰ স্মৃতিত অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ অধীনত নিৰ্মাণ হোৱা “শ্বহীদ অমিয়-হৰপতি শিশু উদ্যান”খন ৰাইজৰ সহযোগত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰোঁ।


এই অনুষ্ঠানত বৰপেটা জিলাৰ উপায়ুক্ত মাননীয় মুনীন্দ্ৰ শৰ্মা দেৱ সহিতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বৰনগৰৰ দুয়ো গৰাকীৰ বীৰ সন্তানৰ স্মৃতিত স্থাপিত এই উদ্যানখন তেওঁলোকৰ সাহসী গাঁথা আৰু স্মৃতি হিচাপে সদায় সজীৱ আৰু প্ৰেৰণাৰ উৎস হৈ থাকিব ৷ তদুপৰি, স্থানীয় শিশু সকলক মানসিক-শাৰীৰিক উৎকৰ্ষ সাধন কৰাৰ লগতে শাৰীৰিক চৰ্চাৰ ক্ষেত্ৰত আগ্ৰহ বঢ়াই নিজক সুস্থ ৰাখি এখন সবল সমাজ গঢ়িবলৈ প্ৰেৰণা দিব বুলি মই আশা কৰিছোঁ