সুৰক্ষিত, বিকশিত অসমৰ অংগীকাৰৰে ২০২১ ৰ বিধানসভা নিৰ্বাচনলৈ সাঁজু ভাৰতীয় জনতা পাৰ্টি শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহ, গুৱাহাটীত আজি অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ অন্তিমখন “সাংগঠনিক সভা” সম্বোধন কৰোঁ ৷

প্ৰগতিৰ পোহৰৰে বিকশিত অসমৰ স্বপ্নক লালন কৰিবলৈ, ১০০+ ৰ দৃষ্টিক দৃঢ় কৰি আজি এই সাংগঠনিক সভাত সকলো কাৰ্যকৰ্তা সতীৰ্থই অংগীকাৰবদ্ধ হৈছোঁ। উক্ত অনুষ্ঠানতে “MY BJP মোৰ বিজেপি” নামৰ আমাৰ দলীয় এটা এপৰ শুভ উন্মোচন কৰোঁ ৷ আশাকৰোঁ এই এপৰটোৰ জৰিয়তে সকলোৱে উপকৃত হ’ব ৷

আজিৰ এই সভাত মোৰ সহিতে সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ ডাঙৰীয়া, সাংসদ তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহঃ প্ৰভাৰী পৱন শৰ্মা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা ডাঙৰীয়াৰ লগতে দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷