ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশে অব্যাহত ৰখা “জনসম্পৰ্ক অভিযান” ৰ লগত সংগতি ৰাখি আজি অসমৰ বিশিষ্ট লেখক, সাংবাদিক তথা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সন্মানীয় শ্ৰীযুত কনকসেন ডেকা ডাঙৰীয়াক সৌজন্যমূলক সাক্ষাৎ কৰি তেখেতৰ বহুমূলীয়া পৰামৰ্শ গ্ৰহণ কৰোঁ।
এই সাক্ষাৎ বেলাত মোৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ সিং তোমাৰ ডাঙৰীয়া আৰু সাংসদ শ্ৰীযুতা কুইন ওজা ডাঙৰীয়ানী। শ্ৰদ্ধাৰ কনকসেন ডেকা ডাঙৰীয়াৰ সৈতে অতিবাহিত কৰা এই বহুমূলীয়া সময়ে আমাক দিব অনাগত দিনত নিয়াৰিকৈ কাম কৰাৰ প্ৰৌজ্জ্বল্যতাৰে ভৰা প্ৰেৰণা।







