আজি ধুবুৰী পূৱ জিলাৰ বিলাসীপাৰা ইন্দ্ৰ নাৰায়ণ খেলপথাৰত অনুষ্ঠিত হোৱা ‘যোগদান অনুষ্ঠান’ ত উপস্থিত থাকোঁ ৷

বিলাসীপাৰা বিধানসভা সমষ্টিত সহস্ৰাধিক লোকৰ যোগদানে সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি অধিক সবল কৰি তুলিলে ৷ আজি ধুবুৰী পূৱ জিলাৰ বিলাসীপাৰা ইন্দ্ৰ নাৰায়ণ খেলপথাৰত অনুষ্ঠিত হোৱা ‘যোগদান অনুষ্ঠান’ ত উপস্থিত থাকোঁ ৷

উক্ত অনুষ্ঠানত সমষ্টিটোৰ সহস্ৰাধিক লোকে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ আজি যোগদান কৰা প্ৰতিজন কাৰ্যকৰ্তাকে উষ্ম আদৰণি জনোৱাৰ লগতে সকলোকে মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো ৷ আগন্তুক দিনত ‘সেৱাই সংগঠন’ নীতিৰে দল তথা ৰাইজৰ বাবে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনালোঁ ৷

আজিৰ এই অনুষ্ঠানত মোৰ সহিতে পূৱ বিলাসীপাৰাৰ বিধায়ক অশোক সিংহী, বিলাসীপাৰা জিলা ভাঃজঃপাঃৰ সভাপতি প্ৰফুল্ল কলিতা, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দীপক সাহাকে প্ৰমুখ্য কৰি দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে ৷