নতুন দিল্লীত আজি দৃঢ়তাৰে কওঁ যে ৪২ লাখ কাৰ্যকৰ্তা সহিতে আমি সকলোৱে বিজেপি+= ১০০+ লক্ষ্যত উপনীত হ’বৰ বাবে উদগ্ৰীৱ হৈ আছোঁ ৷

নতুন দিল্লীত আজি দৃঢ়তাৰে কওঁ যে ৪২ লাখ কাৰ্যকৰ্তা সহিতে আমি সকলোৱে বিজেপি+= ১০০+ লক্ষ্যত উপনীত হ’বৰ বাবে উদগ্ৰীৱ হৈ আছোঁ ৷সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ডাঙৰীয়া, ৰাষ্ট্ৰীয় উপ-সভাপতি ড° ৰমন সিং ডাঙৰীয়া, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বিএল সন্তোষ ডাঙৰীয়া প্ৰমুখ্যে ৰাষ্ট্ৰীয় বিষয়ববীয়াসকলৰ উপস্থিতিত আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বিষয়ববীয়া সভা সম্বোধন কৰোঁ


আগন্তুক ২০২১ বিধানসভা নিৰ্বাচনৰ সম্পৰ্কত ৰাজ্যত দলৰ আৰু মিত্ৰদলৰ স্থিতি, সাংগঠনিক কাম-কাজকে আদি কৰি অসম চৰকাৰৰ সফলতা সন্দৰ্ভত বিশদভাৱে ৰাষ্ট্ৰীয় নেতৃত্বক অৱগত কৰাৰ লগতে তেখেতসকলৰ দিহা-পৰামৰ্শ আন্তৰিকতাৰে গ্ৰহণ কৰোঁ ৷

উক্ত বৈঠকত অসমৰ ৰাইজৰ বিজেপি দলৰ প্ৰতি থকা আস্থা আৰু বিশ্বাস তথা ৰাজ্যত বিৰামহীনভাৱে দিনে নিশাই কাম কৰি থকা ৪২ লাখ কাৰ্যকৰ্তাৰ আত্মবিশ্বাসৰ বলত ২০২১ বিধানসভা নিৰ্বাচনত আমি ১০০+ আসন লাভ কৰিবলৈ সক্ষম হ’ম বুলি দৃঢ়তাৰে অৱগত কৰোঁ ৷