আজি মই দলীয় বিষয়ববীয়া সকলৰ সহিতে ৫২ নং দিছপুৰ বিধানসভা সমষ্টিৰ অন্তগৰ্ত ৰাজধানী মণ্ডলৰ পৰা পৰিয়াল সম্পর্ক অভিযান এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰোঁ ।

“সুৰক্ষিত-বিকশিত অসমৰ অঙ্গীকাৰ আকৌ এবাৰ বিজেপি চৰকাৰ”

ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে সৰ্বস্পৰ্শী, সৰ্বব্যাপী বিভিন্ন আঁচনিৰে ৰাজ্যৰ প্ৰতিটো স্তৰৰ ৰাইজৰ উন্নয়ন সাধন কৰি সফলতা অৰ্জন কৰিছে ৷ অসমৰ পাহাৰ-ভৈয়ামৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজক লৈ বিজেপি চৰকাৰে সকলোকে স্বাভিমানৰে জীয়াই থকাৰ এটি পৰিবেশ দিবলৈ নিৰন্তৰ কাম কৰি আহিছে।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ এই সফলতাৰ বিষয়ে ৰাইজক অৱগত কৰাৰ হেতু আমি #পৰিয়াল_সম্পর্ক_অভিযান কাৰ্যসূচী হাতত লৈছো ৷

আজি মই দলীয় বিষয়ববীয়া সকলৰ সহিতে ৫২ নং দিছপুৰ বিধানসভা সমষ্টিৰ অন্তগৰ্ত ৰাজধানী মণ্ডলৰ পৰা “#পৰিয়াল_সম্পর্ক_অভিযান” এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰোঁ ।

আজি ২৩ ফেব্ৰুৱাৰী, ২০২১ৰ পৰা অহা ১ মার্চ, ২০২১ তাৰিখলৈ দলৰ সকলো কাৰ্যকর্তাই নিজ নিজ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ দুৱাৰদলিত উপস্থিত হৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কামসমূহৰ বিষয়ে ঐকবদ্ধভাৱে, নিয়াৰিকৈ ৰাইজক বিশদভাৱে অৱগত কৰিবলৈ বিনম্ৰ আহ্বান জনাইছোঁ ৷

নিষ্ঠাৰে, নিঃস্বাৰ্থ ভাৱে সেৱা মনোভাবক উজ্জীৱিত কৰি নিৰন্তৰ সেৱা কৰি অহা প্ৰতিজন কাৰ্যকৰ্তাক মোৰ শুভেচ্ছা জনাইছোঁ।