ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ অনুষ্ঠান “গণেশ লাল চৌধুৰী মহাবিদ্যালয়”ৰ বিজ্ঞান শাখাৰ “নিয়োগ পত্ৰ বিতৰণী সভা” ত উপস্থিত থাকি নৱনিযুক্ত শিক্ষক-শিক্ষয়িত্ৰী সকলক নিয়োগ পত্ৰ বিতৰণ কৰোঁ।

আজি নতুনকৈ নিয়োগ পত্ৰ লাভ কৰা শিক্ষক-শিক্ষয়িত্ৰী বৃন্দক প্ৰজ্ঞা সাধনাৰ কৰ্ষণ থলীৰ নিষ্ঠাৰে সেৱা কৰি যাবলৈ আহ্বান জনালোঁ। মহাবিদ্যালয়খনৰ ঐতিহ্য আৰু গৰিমাৰ সোণসেৰীয়া যাত্ৰা অব্যাহত থকাৰ আন্তৰিক কামনা কৰিছোঁ ৷







