মহাশক্তিমান বীৰ চিলাৰায়ৰ সংগ্ৰামী জীৱনে সদায় প্ৰোজ্জ্বল কৰি ৰাখিব অসম আৰু অসমীয়াক

বীৰত্বৰ প্ৰতীক মহাবীৰ চিলাৰায়ৰ ৫১১ তম্ জন্মজয়ন্তীৰ দিনা আজি বৰপেটা জিলা কোচ ৰাজবংশী সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হোৱা *”বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন”* অনুষ্ঠান আৰু বজালী জিলা কোঁচ ৰাজবংশী সংগ্ৰামী মঞ্চৰ উদ্যোগত তথা দৈশিঙ্গৰী আঞ্চলিক ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা *”ৰাজহুৱা সভা”* ত উপস্থিত থাকি বীৰজনাক শ্ৰদ্ধাৰে স্মৰণ কৰোঁ ৷
বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠান দুটিত স্থানীয় শিল্পী সকলে পৰিৱেশন কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে মোৰ লগতে উপস্থিত ৰাইজক মোহিত আৰু আপ্লুত কৰিলে।
