সন্মানীয়,
ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি সকল, সমষ্টিৰ তত্বাৱধায়ক সকল, সংযোজক সকল, বিস্তাৰক সকল, মণ্ডলৰ সভাপতি সকল, বুথৰ সন্মানীয় সভাপতি সকল আৰু মোৰ অতিকৈ মৰমৰ তথা আদৰৰ অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ ৪ লাখ পৃষ্ঠাপ্ৰমুখ সকল,
আমি ইতিমধ্যে পৰিয়াল সম্পৰ্ক অভিযানৰ জৰিয়তে প্ৰতিটো পৰিয়ালৰ সৈতে সম্পৰ্ক কৰাৰ সিদ্ধান্ত লৈছিলো ৷ আমাৰ কাৰ্যকৰ্তা সকল আৰু পৃষ্ঠা প্ৰমুখ সকলে এই পৰিয়াল সম্পৰ্ক নিয়াৰিকৈ চলাই আহিছে যদিও আমি দেখিছো সময়ৰ অভাৱত ৬৮ লাখ পৰিয়ালক এতিয়াও সম্পৰ্ক স্থাপন কৰিব পৰা নাই ৷ সেয়েহে আমি এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এই পৰিয়াল সম্পৰ্ক অভিযান অহা ৫ মাৰ্চলৈকে বৃদ্ধি কৰিছোঁ ৷ আজিৰে পৰা হাতত থকা ২, ৩, ৪, ৫ এই চাৰিটা দিনৰ ভিতৰত যাতে সকলো কাৰ্যকৰ্তাই পৰিয়াল সম্পৰ্ক কৰি প্ৰতিটো পৰিয়ালৰ পৰাই আশীৰ্বাদ লয় তাকে মই সংশ্লিষ্ট সকললৈ বিনম্ৰতাৰে আহ্বান জনাইছো ৷
ধন্যবাদ
ভাৰত মাতা কি জয় ৷৷