বৰেণ্য সংগীতজ্ঞ, বাঁহী বাদক তথা লোকসংগীতৰ সাধক, ‘শিল্পী দিৱস বঁটা’ আৰু ‘সংগীত নাটক একাডেমী বঁটা’ প্ৰাপক প্ৰভাত শৰ্মা দেৱৰ বৈকুণ্ঠ পৰায়ন হোৱাৰ খবৰটো পাই শোকস্তব্ধ হৈ পৰিছোঁ ৷ তেখেতৰ বিয়োগে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ অপূৰণীয় ক্ষতি সাধন কৰিলে ৷ তেখেতৰ অৱদান চিৰস্মৰণীয় হৈ ৰ’ব ৷

প্ৰয়াত শৰ্মাদেৱৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছো আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধ সকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ৷




