সমাগত ‘অসম বিধানসভা নিৰ্বাচন ২০২১’ ৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰস্তুত কৰিবলৈ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত মাননীয় ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়াৰ অধ্যক্ষতাত দিল্লীত অনুষ্ঠিত হোৱা ‘কেন্দ্ৰীয় নিৰ্বাচনী সমিতি’ৰ বৈঠকত মিলিত হওঁ ।

উক্ত বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ ডাঙৰীয়া, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি.এল সন্তোষ ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা ডাঙৰীয়াৰ লগতে ৰাষ্ট্ৰীয় বিষয়ববীয়াসকল উপস্থিতি থাকে ৷