অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰমানন্দ ৰাজবংশী আৰু অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক শ্ৰী ৰূপেশ গোৱালাৰ বিজেপিত আনুষ্ঠানিক যোগদানে দলৰ সাংগঠনিক ভেটিক অধিক সবল কৰি তুলিলে ৷

আজি ভাৰতীয় জনতা পাৰ্টিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত উপস্থিত থাকোঁ ৷
উক্ত সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰমানন্দ ৰাজবংশী ডাঙৰীয়া আৰু অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক শ্ৰী ৰূপেশ গোৱালাই ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আস্থা ৰাখি আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

দুয়োগৰাকী ব্যক্তিক দললৈ উষ্ম আদৰণি জনোৱাৰ লগতে আগন্তুক দিনত সততা আৰু নিষ্ঠাৰে ৰাইজৰ লগতে দলৰ সেৱা আগবঢ়াই যাবলৈ আন্তৰিকতাৰে আহ্বান জনাইছো ৷