শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ জীৱনীগ্ৰন্থ ‘Amit Shah and the March of BJP’ গ্ৰন্থক নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ‘অমিত শ্বাহ আৰু অগ্ৰগামী বিজেপি’ শীৰ্ষক নামেৰে অসমীয়ালৈ অনুবাদ কৰিছে ৷

প্ৰখ্যাত লেখক ড° অনিৰ্বাণ গাংগুলী আৰু শিৱানন্দ দ্বিবেদীৰ দ্বাৰা লিখিত দেশৰ সন্মানীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ জীৱনীগ্ৰন্থ ‘Amit Shah and the March of BJP’ গ্ৰন্থক নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ‘অমিত শ্বাহ আৰু অগ্ৰগামী বিজেপি’ শীৰ্ষক নামেৰে অসমীয়ালৈ অনুবাদ কৰিছে ৷


এই অনুবাদ গ্ৰন্থখনি আজি হোটেল তাজ ভিভান্তাত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, লেখকদ্বয় আৰু অনুবাদকৰ সহিতে মই শুভ উন্মোচন কৰোঁ ৷ এই উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি আপ্লুত হ’লো।


দেশৰ এগৰাকী বিশিষ্ট ৰাজনীতিবিদৰ আত্মজীৱনীক অসমীয়া ভাষাত সমতুল্য ভাৱ-বিচাৰেৰে প্ৰতিষ্ঠাপন কৰাৰ বাবে গ্ৰন্থখনৰ অনুবাদক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৃতজ্ঞতা জনাইছোঁ। গ্ৰন্থখনে অসমীয়া পাঠক সমাজৰ আদৰ লাভ কৰক ৷