মাজুলী বাসীৰ অভূতপূৰ্ব সঁহাৰি, সমৰ্থন আৰু হৰ্ষোচ্ছ্বাসে আহ্লাদিত কৰিলে। ৰাইজৰ আন্তৰিক সমৰ্থনে মাজুলীত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সৰ্বাত্মক উন্নয়নক স্বীকৃতি প্ৰদান কৰি পুনৰবাৰ আদৰণি জনালে ।

আজি সত্ৰনগৰী মাজুলীত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মনোনয়ন পত্ৰ দাখিলৰ শুভক্ষণত উপস্থিত থাকোঁ। মাজুলীবাসীৰ পাৰভঙা উল্লাস আৰু অম্লান বদনে কৰা সমৰ্থনে সোণোৱাল ডাঙৰীয়াৰ জয়ৰ নিশ্চিতিক আকৌ এবাৰ প্ৰমাণ কৰিলে।

মনোনয়ন দাখিলৰ পূৰ্বে ৰাইজৰ বিপুল উপস্থিতিৰ মাজত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি থকা আস্থাৰ উজ্জীৱিত ৰূপটোৱে মুগ্ধ কৰিলে।
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মনোনয়ন দাখিলৰ শুভক্ষণত মোৰ সহিতে ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা, মিত্ৰদল অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো, গণ শক্তি দলৰ সভাপতি পৰমানন্দ চায়েঙিয়াকে প্ৰমুখ্য কৰি দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷