শ্ৰদ্ধাৰ পাটাছাৰকুছিবাসী ৰাইজৰ আদৰ-চেনেহৰে পৰিপূৰ্ণ অভিবাদনে মোক আহ্লাদিত কৰিলে ৷ পাটাছাৰকুছিবাসীৰ বাবে সেৱা কৰাৰ মানসেৰে আৰম্ভ কৰা মোৰ এই যাত্ৰাত ৰাইজৰ আশিসভৰা সমৰ্থন আৰু সহযোগিতাই মোক আত্মবিশ্বাসী কৰিছে।

আগন্তুক বিধানসভা নিৰ্বাচনত দলে মোক পাটাৰছাৰকুছিবাসীৰ বাবে সমৰ্পিতভাৱে সেৱা আগবঢ়াবলৈ সুযোগ প্ৰদান কৰিছে। আজি সেই উপলক্ষে সমষ্টিবাসী ৰাইজৰ লগতে বিজেপি, অগপ আৰু ইউপিপিএল দলৰ কাৰ্যকৰ্তা সকলৰ সৈতে সমষ্টি পৰিভ্ৰমণ কৰোঁ । এই শুভ ক্ষণত সমষ্টিবাসী ৰাইজৰ পাৰভঙা উছাহ আৰু সমৰ্থনে মোক যথেষ্ট সাহস আৰু প্ৰেৰণা প্ৰদান কৰিছে।
ৰাইজৰ সহযোগেৰে অনাগত সময়খিনিত আমি পাটাছাৰকুছি সমষ্টিক ৰাজ্যৰ সৰ্বতোপ্ৰকাৰৰ অন্যতম সমষ্টি হিচাপে গঢ়ি তুলিব পাৰিম বুলি মই দৃঢ়বিশ্বাসী।
ৰাইজৰ এই আদৰ-মৰম-আশিস প্ৰতিসময়তেই মই আন্তৰিকতাৰে আশা কৰিছোঁ।