পাটাছাৰকুছিবাসীৰ অকুণ্ঠ চেনেহ আৰু আশিস লৈ পাটাছাৰকুছিক ৰাজ্যৰ অন্যতম সমষ্টি হিচাপে গঢ় দিবলৈ মই আৰু মোৰ দল বদ্ধপৰিকৰ।

বিকশিত ভাৰতবৰ্ষৰ অন্যতম খনিকৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ সবল নেতৃত্বত অসমত সৰ্বতোপ্ৰকাৰৰ উন্নয়ন সাধন হোৱাৰ সময়তো ৪২ নং পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বহু গ্ৰাম্য অঞ্চল এতিয়ালৈকে প্ৰগতি আৰু উন্নয়নৰ যাত্ৰাত চামিল হ’ব পৰা নাই।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমক প্ৰগতিৰ অন্য এটা স্তৰলৈ নিবলৈ সক্ষম হোৱাৰ পিছতো পাটাছাৰকুছিত উন্নয়নে পাব লগা গতি বিগত সময়ৰ জনপ্ৰতিনিধিৰ আন্তৰিক প্ৰয়াসৰ অভাৱৰ বাবে নোহোৱাটো পৰিলক্ষিত হৈছে।

সম্প্ৰতি এই সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মই সমষ্টিৰ বহু ভিতৰুৱা গ্ৰাম্য অঞ্চললৈ গৈ বহু লোকৰ সাক্ষাৎ লভিছোঁ।এই সাক্ষাৎ কালত মই অঞ্চল সমূহৰ সমস্যাৰ বিস্তৃত আলোচনা কৰাৰ লগতে সমাধানৰ বাটৰ বাবে তেখেতসকলৰ পৰামৰ্শ গ্ৰহণ কৰিছোঁ।

অনাগত সময়ত অতি ক্ষীপ্ৰতাৰে সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ বাবে মই অবিৰত ভাৱে সেৱা আগবঢ়োৱাৰ কথা ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ।পাটাছাৰকুছিবাসীৰ অকুণ্ঠ চেনেহ আৰু আশিস লৈ পাটাছাৰকুছিক ৰাজ্যৰ অন্যতম সমষ্টি হিচাপে গঢ় দিবলৈ মই আৰু মোৰ দল বদ্ধপৰিকৰ।