সমাগত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দলত গভীৰ আস্থাৰে নতুন কাৰ্যকৰ্তাৰ যোগদানে পুনৰ শক্তিশালী কৰিছে দলৰ সাংগঠনিক পৰিকাঠামো।বজালী জিলাৰ পাটাছাৰকুছি সমষ্টিৰ নিৰ্বাচনী কাৰ্যালয় আৰু ডুবি (গোপাল তালুকদাৰ)ত মোৰ লগতে দলীয় বিষয়ববীয়াসকলৰ উপস্থিতিত বহু সংখ্যক লোকে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আস্থা ৰাখি আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ নতুনকৈ যোগদান কৰা কাৰ্যকৰ্তা সকলক দললৈ উষ্ম আদৰণি জনোৱাৰ লগতে আগন্তুক দিনত একত্ৰিত ভাৱে ৰাইজৰ সেৱা আগবঢ়াই যাবলৈ আহ্বান জনাইছোঁ ।






