পাটাছাৰকুছি বিধানসভা সমষ্টিৰ হেলনাবাসীৰ পাৰভঙা উচাহ আৰু মৰমে মোক উজ্জীৱিত কৰিলে।

পাটাছাৰকুছি বিধানসভা সমষ্টিৰ #হেলনাবাসীৰ পাৰভঙা উচাহ আৰু মৰমে মোক উজ্জীৱিত কৰিলে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি জনতাৰ এই অফুৰন্ত স্নেহে দলৰ শক্তিশালী স্থিতিক পুনৰবাৰ প্ৰতিফলিত কৰিছে ৷ মই নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি নিদিওঁ, ৰাইজৰ আশীৰ্বাদত জয়যুক্ত হোৱাৰ পিছতহে ৰাইজৰ সৈতে আলোচনা কৰি কাম কৰি যোৱা মানুহ মই ৷

মই যেতিয়া সৰভোগৰ পৰা নিৰ্বাচন নেখেলি পাটাছাৰকুছিৰ পৰা খেলিম বুলি দলে ঘোষণা কৰিছিল তেতিয়া সৰভোগৰ হাজাৰ হাজাৰ মানুহে চকুলো টুকিছিল, কাৰণ সৰভোগত মই ৰাইজে নভৱাকৈয়ে বহুখিনি উন্নয়নমূলক কাম কৰাৰ উপৰিও ৰাইজৰ প্ৰতিটো সুখ দুখৰ সময়ত কাষত থিয় দিছিলোঁ ৷

মই বিচাৰো যে পাটাছাৰকুছিবাসীয়ে মোক এটা সুবিধা প্ৰদান কৰক যাতে অনাগত দিনত সমগ্ৰ ৰাজ্যৰ পাঁচটা উন্নয়নশীল সমষ্টিৰ ভিতৰত পাটাছাৰকুছিক অন্যতম হিচাবে জিলিকাই ৰাখিব পাৰোঁ আৰু সমষ্টিবাসী ৰাইজৰ হৃদয়ত পৰিয়ালৰ এজন হৈ থাকিব পাৰোঁ ৷

আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজক মনোমোহা বক্তব্যৰে মোহিত কৰা মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷ লগতে সভাত উপস্থিত থকা মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, মাননীয় উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদক তপন গগৈকে প্ৰমুখ্য কৰি দলীয় বিষয়ববীয়াসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷