ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰী বি. এল. সন্তোষ ডাঙৰীয়াৰ সৈতে এক ভিডিঅ’ কনফাৰেন্স যোগে আগন্তুক বিধানসভা নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত এখনি বৈঠকত মিলিত হওঁ ৷

আজি ৩০ এপ্ৰিল, ২০২১ তাৰিখে পুৱা ৯.০০ বজাত  উক্ত ভিডিঅ কনফাৰেন্সত আমাৰ দলৰ পুলিং এজেন্ট সকল উপস্থিত থাকে ৷

অহা ২ মে’ তাৰিখে ঘোষণা কৰিবলগীয়া নিৰ্বাচনী ফলাফলৰ দিনটোত আমাৰ পুলিং এজেন্ট সকলৰ কৰণীয় বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত শ্ৰী বি. এল. সন্তোষ ডাঙৰীয়াই বহুখিনি দিহা-পৰামৰ্শ আগবঢ়ায় ৷ লগতে উক্ত বৈঠকত ক’ভিড -১৯ ৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণৰ ৰোধ কৰাৰ ক্ষেত্ৰত সতৰ্কতা আৰু সজাগতা সৃষ্টি কৰাত আমাৰ কাৰ্যকৰ্তা সকলৰ কৰণীয় দায়িত্ব সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয়।

May be an image of 1 person, standing and indoor