আজি ২৫ জুন তাৰিখে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতি বছৰৰ দৰে এইবাৰো “কলা দিৱস“ ৰূপে পালন কৰে ৷

১৯৭৫ চনৰ ২৫ জুন তাৰিখে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে দেশজুৰি বলবৎ কৰা স্বেচ্ছাচাৰী জৰুৰীকালীন অৱস্থাৰ প্ৰতিবাদত আজি ২৫ জুন তাৰিখে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতি বছৰৰ দৰে এইবাৰো “কলা দিৱস“ ৰূপে পালন কৰে ৷

ক’ৰণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত পুৱা ১১ বজাত ৰাজ্যিক পৰ্যায়ত এখনি ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে এই প্ৰতিবাদী “কলা দিৱস” পালন কৰা হয় ৷

May be an image of 3 people and people standing

আজিৰ এই অনুষ্ঠানত জৰুৰীকালীন অৱস্থাৰ প্ৰতিবাদ কৰি কাৰাৰুদ্ধ হোৱা শ্ৰী ৰমেন ডেকা, শ্ৰী হৰেকৃষ্ণ ভঁৰালী, শ্ৰী মহাবীৰ স্বামী, শ্ৰী ওম প্ৰকাশ শৰ্মা, শ্ৰী প্ৰান্তোষ ৰয়, শ্ৰী বিপিন বিহাৰী কলিতা, শ্ৰী মহেন্দ্ৰ কোঁচ, শ্ৰী ৰঞ্জন বৰা, শ্ৰী বিনয় কুমাৰ চন্দ্ৰৰ লগতে স্বৰ্গীয় ৰতনলাল চৰ্ফ আৰু স্বৰ্গীয় পৰমানন্দ সিংঘলৰ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰোঁ ৷

May be an image of 3 people, people standing and indoor

এই কাৰ্যসূচীত মোৰ লগতে উপ-সভাপতি সপ্ননীল বৰুৱা, সাধাৰণ সম্পাদক তথা সাংসদ তপন গগৈ, সাংসদ পল্লবলোচন দাস, মন্ত্ৰী অশোক সিংঘল আৰু দলৰ ৰাজ্যিক বিষয়ববীয়া উপস্থিত থাকে ৷