পঞ্চায়তৰ 14th Finance ৰ অধীনত নিৰ্মাণ হোৱা পথসমূহত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ পদক্ষেপ ৷

বিগত সময়ছোৱাত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ 14th Finance ৰ অধীনত ৰাজ্যৰ গ্ৰামাঞ্চলত বহুতো পথ তথা উপপথৰ নিৰ্মাণ হৈছে ৷ এই পথ সমূহৰ নিৰ্মাণত অনিয়ম আৰু দুৰ্নীতি হোৱাৰ বহু অভিযোগ আমি ইতিমধ্যেই সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ যোগেদি লাভ কৰিছোঁ ৷ আমি অভিযোগ পোৱা মতে পথসমূহৰ নিৰ্মাণ অতি নিম্ন মানদণ্ডৰ হৈছে ৷

                                                                                       

প্ৰধানকৈ, নিৰ্মাণ কাৰ্যত নিম্ন মানদণ্ডৰ ব্ল’গ ব্যৱহাৰ কৰা বাবে অতি কমদিনৰ ভিতৰত ব্ল’গবোৰ ভাঙি গৈছে ৷ লগতে চাইড বাম ভালকৈ ফিলাপ নকৰাৰ বাবে অতি সোনকালে পথবোৰ খহি গৈছে ৷ তাৰোপৰি, নিৰ্মাণ সমিতিয়ে নিজে নকৰি উপ-ঠিকাদাৰৰ হতুৱাই পথ নিৰ্মাণ কৰাৰ বাবেও নিৰ্মাণ কাৰ্য নিম্ন হৈছে ৷ মূলতঃ এই তিনিটা কাৰণৰ বাবেই নিৰ্মাণ হোৱা পথসমূহ সোনকালে ভাঙি গৈছে ৷

আমি এনেধৰণৰ অতি নিম্ন মানদণ্ডৰ নিৰ্মাণ কাৰ্যত জড়িত ঠিকাদাৰ আৰু পঞ্চায়তৰ বিষয়াৰ ওপৰত শীঘ্ৰেই বিহীত ব্যৱস্থা গ্ৰহণ কৰিম ৷ সদাশয় ৰাইজলৈও আমাৰ বিনম্ৰ আহ্বান আপোনালোকে এনে দুৰ্নীতি, অনিয়মৰ বিৰুদ্ধে সজাগ হওক আৰু আপোনালোকৰ অঞ্চলৰ এনে আসোঁৱাহপূৰ্ণ নিৰ্মাণ কাৰ্যৰ সবিশেষ তথ্য প্ৰমাণ সহকাৰে প্ৰশাসনক অৱগত কৰক ৷