অসমৰ প্ৰশাসনীয় ব্যৱস্থাৰ উন্নতি সাধনৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোৱা সিদ্ধান্তক মাননীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই আদৰণি জনায় ।

মাননীয় কেবিনেট মন্ত্ৰী শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই আজি সতীৰ্থ মন্ত্ৰী সকলৰ লগতে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সিদ্ধান্তমৰ্মে গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এক কৰ্মশালাত অংশগ্ৰহণ কৰে ৷ উক্ত কৰ্মশালাত অসমৰ প্ৰশাসনীয় ব্যৱস্থাৰ উন্নতি সাধনৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোৱা সিদ্ধান্তক মাননীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই আদৰণি জনায় ।