আপোনালোকৰ আজিৰ দিনটো সুন্দৰ আৰু সুখময় হওঁক তাৰেই কামনা কৰিছোঁ। 🙏

প্ৰাতঃভ্ৰমণ আৰু শৰীৰ চৰ্চাৰে একোগৰাকী ব্যক্তি সুস্থ, সবল আৰু স্বাস্থ্যবান হৈ থাকে বুলি প্ৰতিদিনেই মই আপোনালোকৰ ওচৰত ব্যক্ত কৰিছোঁ। সু-স্বাস্থ্যৰ গৰাকী হ’বলৈ মইও সদায় ৰাতিপুৱা এনেদৰে নিজক অকণমান সময় প্ৰদান কৰি আহিছোঁ।

May be an image of 1 person, standing, outdoors and tree

কিন্তু, ইয়াৰ মাজতেই মই ক’ভিড সৃষ্ট পৰিৱেশৰ মাজত ৰাইজক সজাগতাৰ দিশত সক্ৰিয়তা অৱলম্বন কৰিবলৈ আহ্বান জনাইছোঁ।শেহতীয়াকৈ, একাংশ ব্যক্তিয়ে ক’ভিড প্ৰট’কল সমূহ শুদ্ধভাৱে গ্ৰহণ নকৰাৰ ফলত ক’ৰোণা মহামাৰীয়ে জনসমাজত আকৌ এবাৰ গা কৰি উঠিছে আৰু ইয়াৰ বাবেই গুৱাহাটীত ক’ৰোণা নিয়ন্ত্ৰণৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ দিশে আগবাঢ়িছে প্ৰশাসন।

May be an image of 1 person, standing and road

গতিকে আপোনালোকৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ, অসম চৰকাৰে বলবৎ কৰা ক’ভিড প্ৰট’কল সমূহ মানি আপোনালোকে সন্ধিয়া ৫ বজাৰ পিছত বিনা কাৰণত বাহিৰলৈ ওলাই নাহিব। কোনো ধৰণৰ আইন উলংঘা নকৰি নিজক সুৰক্ষিত কৰি ৰাখক।

আপোনালোকৰ আজিৰ দিনটো সুন্দৰ আৰু সুখময়

 হওঁক তাৰেই কামনা কৰিছোঁ। 🙏