অন্ধ্ৰপ্ৰদেশৰ দৰেই বজালী জিলাকো কণী উৎপাদনৰ কেন্দ্ৰবিন্দু ৰূপে গঢ় দিবৰ বাবে লোৱা হৈছে প্ৰথম পদক্ষেপ

অন্ধ্ৰপ্ৰদেশৰ দৰেই বজালী জিলাকো কণী উৎপাদনৰ কেন্দ্ৰবিন্দু ৰূপে গঢ় দিবৰ বাবে লোৱা হৈছে প্ৰথম পদক্ষেপ

May be an image of 6 people, people standing and indoor

আজি বজালী জিলাৰ পাঠশালাৰ চিনাকী বিবাহ ভৱনত ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়াই আয়োজন কৰা এক ঋণ প্ৰদান অনুষ্ঠানত উপস্থিত থাকোঁ ৷ এই অনুষ্ঠানত জিলাখনৰ অন্তৰ্গত ওপৰনৈ, বাগনা আৰু হাথিনাপুৰ গাঁৱৰ ১০০ গৰাকী মহিলাৰ প্ৰতিগৰাকীকে ১লাখ ৫ হাজাৰ টকাকৈ মুঠ ১ কোটিৰো অধিক টকা ৰঙচুৱা কণী উৎপাদনৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা দিয়া ঋণৰ আৱন্টন পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰি মই অতিকৈ আপ্লুত হৈছোঁ ৷

May be an image of 4 people, people standing and indoor

অসমে বছৰেকত ৪৭.৫০ কোটি কণী উৎপাদন কৰে আৰু ৫১২ কোটি কণী বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হয় ৷ যিহেতু বজাৰত কণীৰ চাহিদা যথেষ্ট আছে, সেয়েহে কণীৰ বজাৰখন দখল কৰিবৰ বাবে প্ৰতিবছৰে অসমত অতিৰিক্ত ৫১২ কোটি কণী উৎপাদনৰ লক্ষ্য আমাৰ ৷

ভাৰতত যেনেকৈ কণী উৎপাদনৰ ক্ষেত্ৰত অন্ধ্ৰপ্ৰদেশ শীৰ্ষস্থানত আছে ঠিক তেনেকৈ অসমতো বজালীক কণী উৎপাদনৰ ক্ষেত্ৰত মুখ্য কেন্দ্ৰবিন্দু ৰূপে গঢ় দিয়াৰ সপোন ৰচা হৈছে ৷ এই কাৰ্যসূচী আগন্তুক দিনত অসমৰ প্ৰতিখন গাঁৱতে কাৰ্যকৰী কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে ৷ এইক্ষেত্ৰত ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়াৰ সহযোগিতা বিচাৰি আলোচনা কৰা হৈছে আৰু বেংকে ইতিমধ্যে ইতিবাচক সঁহাৰি জনাইছে ৷

May be an image of 8 people and people standing

আজি ঋণ লাভ কৰা ১০০ গৰাকী মহিলাক মই আন্তৰিক অভিনন্দন জনাইছোঁ ৷ তেখেতসকলে অধিক কৰ্মদক্ষতা আৰু একাগ্ৰতাৰে আগুৱাই গৈ জিলাখনৰ লগতে ৰাজ্যখনত আত্মনিৰ্ভৰশীলতাৰ অপূৰ্ব নিৰ্দশন দাঙি ধৰিবলৈ যাতে সক্ষম হয় তাৰেই কামনা কৰিছোঁ ৷ লগতে ভাৰতীয় ষ্টেট বেংকৰ সমূহ বিষয়ববীয়াক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷