অসমৰ পঞ্চায়ত প্ৰতিনিধি সকলে পাবলগীয়া পাৰিতোষিকৰ বকেয়া ধনৰ বাবে বিত্ত বিভাগে মুকলি কৰে ১৭০ কোটি টকা
মই মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পঞ্চায়ত প্ৰতিনিধি সকলে পাবলগীয়া বকেয়া ধনৰ কথা উল্লেখ কৰাৰ পিছতে তেখেতে তৎকালীনভাৱে বিত্ত বিভাগক পুঁজি মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে ৷ মোৰ অনুৰোধ ৰক্ষা কৰি ক্ষিপ্ৰতাৰে পুঁজি মুকলি কৰি দিয়া বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্ত বিভাগক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷ এই পুঁজি মুকলি কৰাৰ ফলত ৰাজ্যৰ ২৬ গৰাকী জিলা পৰিষদৰ সভাপতি, ২৬ গৰাকী উপ-সভাপতি, ৪২০ গৰাকী জিলা পৰিষদৰ সদস্য, ১৮৫ গৰাকী আঞ্চলিক পঞ্চায়তৰ সভাপতি, ১৮৫ গৰাকী উপ-সভাপতি, ২,১৯৭ গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য, ২১,৯৭০ গৰাকী ৱাৰ্ড মেম্বাৰ আৰু ২,১৯৭ গৰাকী গাঁও পঞ্চায়তৰ সভাপতি উপকৃত হ’ব ৷