নতুন চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশনৰ প্ৰথমটো দিনৰ প্ৰাক্ মুহূৰ্তত ৰাইজৰ আশিস কামনা কৰিছোঁ ৷

নতুন চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশনৰ প্ৰথমটো দিনৰ প্ৰাক্ মুহূৰ্তত ৰাইজৰ আশিস কামনা কৰিছোঁ ৷May be an image of 1 person, standing and indoor

আজিৰে পৰা মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন আৰম্ভ হ’ব।

পবিত্ৰ সদনত উত্থাপন আৰু গৃহীত হ’ব লগা এই বাজেটে ৰাজ্যবাসীক উন্নয়ন আৰু প্ৰগতিৰ গতিক অধিক শক্তিশালী কৰাৰ নিশ্চিত ইংগিত প্ৰদান কৰাৰ লগতে আৰ্থ-সামাজিক, সাংস্কৃতিক সকলো দিশত নিশ্চিত সুৰক্ষা তথা আমাৰ দলে নিৰ্বাচনৰ সময়ত প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ ক্ষিপ্ৰ সমাপনৰ সবল খোজৰ শুভাৰম্ভণি কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ।May be an image of 1 person and outdoors

ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ সকলো স্তৰৰ ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এখন সুস্থ-সবল আৰু দূৰদৰ্শী চিন্তা সমৃদ্ধ বাজেট দাখিল কৰিবৰ বাবে সম্পূৰ্ণ চেষ্টা কৰা হ’ব।