‘ভাৰতৰ আত্মা গাঁৱত লুকাই আছে, সেয়েহে গাঁৱৰ উন্নতি অবিহনে দেশৰ উন্নতিৰ কথা ভাবিবই নোৱাৰি’। – মহাত্মা গান্ধী
পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষত স্বৰাজ প্ৰতিষ্ঠাৰ সপোন দেখিছিল। স্বাধীনতাৰ পাছৰে পৰা সকলো ৰাজ্যতে পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তনৰ জৰিয়তে গাওঁসমূহক অধিক শক্তিশালী কৰি তোলাৰ লগতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে এই ব্যৱস্থাক আগবঢ়াই নিয়া হৈছে। এই পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে গাঁৱৰ জনসাধাৰণৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হয়।
বৰ্তমান সময়ত ৰাজ্য চৰকাৰে জনসাধাৰণৰ সহায় সহযোগিতা তথা দিহা-পৰামৰ্শৰ যোগেদি এই পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক উন্নয়নমুখী কৰি অসমৰ গাঁওসমূহক প্ৰগতি আৰু বিকাশৰ দিশত অধিক অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত ইতিমধ্যেই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷
আজি সন্ধিয়া এই সন্দৰ্ভত কিছু আশাব্যঞ্জক খবৰ মই আপোনালোকক অৱগত কৰিম ৷ মোৰ দৃঢ়বিশ্বাস গাঁওসমূহৰ উন্নয়নৰ এই যাত্ৰাত আমি খুব সোনকালেই সফলতা লাভ কৰিবলৈ সক্ষম হ’ম ৷