দালাল ৰূপী মনবোৰ সলনি হ’লেহে ৰাজ্যত পৰিৱৰ্তন সম্ভৱ হ’ব

দালাল ৰূপী মনবোৰ সলনি হ’লেহে ৰাজ্যত পৰিৱৰ্তন সম্ভৱ হ’ব

পৰিৱৰ্তনেই হওঁক বা উন্নয়নেই হওঁক দালাল যদি মাজত সোমাই তাত কেণা লাগিবই ৷ এই দালালবোৰে প্ৰতিটো কথাতে, প্ৰতিটো বিষয়তে নিজৰ মুনাফা আদায় কৰিবলৈ যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে ৷ এই কথা আমাৰ সকলোৰে জ্ঞাত ৷ May be an image of 1 person and indoor

শেহতীয়াকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়নকে আদি কৰি বিভিন্ন চৰকাৰী বিভাগ সমূহত বদলিকৰণৰ প্ৰক্ৰিয়া চলি আছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে বহু দালালে নিজৰ সুবিধা আদায় কৰিবৰ বাবে নিজৰ জাল পেলাইছে ৷May be an image of one or more people and indoor

পঞ্চায়ত আৰু গ্ৰামোন্নয়নকে আদি কৰি সকলো বিভাগৰ চৰকাৰী বিষয়া-কৰ্মচাৰীলৈ মোৰ বিনম্ৰ আহ্বান – আপোনালোকে এই দালাল বিলাকৰ জালত ভৰি নিদিব ৷ ইহঁতৰ পৰা নিজকে বচাই চলক আৰু নিজ নিজ দায়িত্ব পালন কৰি ৰাইজৰ সেৱাত নিষ্ঠাৰে ব্ৰতী হওঁক ৷ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যেই ইয়াৰ অনুসন্ধান আৰম্ভ হৈছে আৰু অতি ক্ষিপ্ৰতাৰে বিহিত ব্যৱস্থাও গ্ৰহণ কৰা হ’ব ৷