অসমৰ ৰাইজৰ বাবে এক আশাব্যঞ্জক বতৰা লৈ আজি ইতিহাস ৰচি দাখিল হ’ল বহু প্ৰত্যাশিত ২০২১-২২ বৰ্ষৰ বাজেটখন
আজি অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভা ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰে। আজি উত্থাপন কৰা এই বাজেটখনৰ বাবে বিত্তমন্ত্ৰী গৰাকীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
‘বান মুক্ত অসম’ ৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে বিশেষ পেকেজৰ উত্থাপন কৰাৰ লগতে আজিৰ এই বাজেটখনত ১ লাখৰো অধিক শিক্ষিত নিবনুৱা যুৱক-যুৱতীক চৰকাৰী সংস্থাপন, অৰুণোদয় আঁচনিৰ পৰিসৰ বৃদ্ধি আৰু মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ, স্বাস্থ্যখণ্ডত ১ হাজাৰখন হাস্পতাল নিৰ্মাণৰ প্ৰস্তাৱ তথা শিক্ষাখণ্ডক অধিক উন্নত কৰাকে আদি কৰি বহু কল্যাণকামী আৰু আন্তঃগাঁথনি উন্নয়নমূলক আঁচনি অন্তৰ্ভূক্ত কৰাৰ দ্বাৰা ইতিহাস ৰচা এই জনমুখী বাজেটে অসমক আৰু অধিক আগবঢ়াই নিব বুলি মই দৃঢ়বিশ্বাসী । অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো এই বাজেটে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷
এই বাজেটখন এখন সৰ্বাংগ সুন্দৰ উন্নয়নমুখী বাজেট ৷ এই বাজেটে অসমৰ প্ৰতিজন ব্যক্তিৰ বিকাশৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি মই আশাবাদী।