সকলোকে পুৱাৰ সম্ভাষণ জনাই দিনটোৰ শুভাৰম্ভ কৰিছোঁ।

আজি আৰু অহা কাইলৈ বৰপেটা, বঙাইগাঁও, ধুবুৰী আৰু বজালী জিলালৈ ক’ভিডত স্বামীহাৰা হোৱা বিধৱা আইমাতৃ সকলৰ ওচৰলৈ মাননীয় মুখ্যমন্ত্ৰীৰ সহানুভূতিৰ বাৰ্তা লৈ গৈ আছো

সকলোকে পুৱাৰ সম্ভাষণ জনাই দিনটোৰ শুভাৰম্ভ কৰিছোঁ।

ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে ক’ভিডৰ প্ৰভাৱ আৰু ইয়াৰ ফলত সৰ্বসাধাৰণে ভোগ কৰা কষ্টক পাৰ্যমানে লাঘৱ কৰিবৰ হেতু বলিষ্ঠভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।

আমাৰ চৰকাৰে ইতিমধ্যে ক’ভিড ১৯ ৰ বাবে পিতৃ-মাতৃক হেৰুওৱা শিশুসকলৰ যত্নৰ বাবে “মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি” আৰু ক’ভিড ১৯ ৰ বাবে স্বামীহাৰা মহিলা সকলক কিছু সকাহ আৰু সাহস দিয়াৰ হেতু “মুখ্যমন্ত্ৰী ক’ভিড ১৯ বিধৱা সাহায্য আঁচনি” ঘোষণা কৰি ইয়াক পৰ্যায় ক্ৰমে ৰূপায়ণৰ দিশে অগ্ৰসৰ হৈছে ।

উল্লেখ্য যে, আজি মই “মুখ্যমন্ত্ৰী ক’ভিড ১৯ বিধৱা সাহায্য আঁচনি”ৰ জৰিয়তে ২.৫০ লাখ এককালীন সাহায্যৰ চেক বৰপেটা, বঙাইগাঁও, ধুবুৰী আৰু বজালী জিলাৰ এনে স্বামীহাৰা মহিলাৰ মাজত আনুষ্ঠানিক ভাৱে বিতৰণ কৰিম ।

আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক আৰু মঙ্গলময় হওঁক ৷ 🙏