‘ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्।’
– “আমি সেইজন অবিনাশী ঈশ্বৰক ধ্যান কৰোঁ যিজনে স্বৰ্গ, মৰ্ত্য আৰু পাতাল সৃষ্টি কৰিলে, সেইজন সৃষ্টিকৰ্তা, পাপনাশক, সৰ্বশ্ৰেষ্ঠ দেৱতাক আমি ধাৰণ কৰোঁ ৷ তেওঁ আমাক শুভবুদ্ধি প্ৰদান কৰে আৰু আমাক ভাল কামত অনুপ্ৰাণিত কৰে।”
সকলোকে পুৱাৰ সম্ভাষণ জনাই আজিৰ দিনটোলৈ সকলোকে স্বাগতম জনাইছোঁ।
পুৱাৰ সুৰভি শীতল সময়খিনিত আজি #ধুবুৰী_জিলাৰ সুন্দৰ পৰিৱেশৰ মাজত শৰীৰ চৰ্চা কৰি দিনটোৰ কৰ্মসূচীৰ বাবে সাজু হৈছোঁ। দিনটোৰ ব্যস্ততাৰ বাবে সদায় পুৱাৰ এই সময়খিনিয়ে আটোলটোলকৈ শৰীৰ আৰু মনটোক ন-উদ্যমেৰে গঢ় দিয়ে।
আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক, মঙ্গলময় হওঁক তাকে কামনা কৰিছোঁ ৷ 