ঈশ্বৰৰ চৰণত ভক্তিভৰা সেৱা জনাই আজিৰ দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷ সমূহ ৰাইজকো এটি নতুন দিনৰ সম্ভাষণ জনাইছোঁ ৷
পুৱাৰ সময়খিনিৰ সতেজতাই পৰিপূৰ্ণ কৰি ৰাখে দিনটোলৈ। দিনটোৰ ব্যস্ততাত ভাগৰি নপৰাকৈ অবিৰত ভাৱে প্ৰতিটো দায়িত্বক সমাপন কৰাৰ বাবে মানসিক-শাৰীৰিক যি শক্তিৰ প্ৰয়োজন হয়, সেই প্ৰয়োজনীয়তাক পুৱা শৰীৰচৰ্চাৰ মাজেৰে অতিবাহিত কৰা এই সময়খিনিয়ে নিৰন্তৰ প্ৰদান কৰি যায়।
আনদিনাৰ দৰেই আজিও প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চা কৰি মনটোৰ লগতে শৰীৰটোক স্বাস্থ্যবান কৰাৰ প্ৰয়াস কৰিছোঁ ৷
আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক, মঙ্গলময় হওঁক তাকে কামনা কৰিছোঁ ৷ 