এটি নতুন দিনলৈ সকলোকে আদৰণি জনাইছোঁ ৷
আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে, অসম বিধানসভা অধিবেশনৰ আজি প্ৰশ্নোত্তৰ শিতানত মোৰ বিভাগসমূহ ক্ৰমে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগ, সাধাৰণ প্ৰশাসন বিভাগ আৰু সচিবালয় প্ৰশাসন বিভাগক কেন্দ্ৰ কৰি সন্মানীয় বিধায়ক সকলে উত্থাপন কৰা বহু গুৰুত্বপূৰ্ণ প্ৰশ্নৰ মই উত্তৰ প্ৰদান কৰিম। ৰাতিপুৱা ৯.৩০ বজাৰ পৰা ১০.৩০ বজালৈকে এই প্ৰশ্নোত্তৰ শিতান চলিব ৷ যোৱাবাৰৰ দৰে এইবাৰো মই সকলোবোৰ প্ৰশ্নৰ যথাযথ উত্তৰ দিয়াৰ প্ৰয়াস কৰিম ৷
বিধানসভা অধিবেশনৰ প্ৰশ্নোত্তৰ শিতান মোৰ ফেচবুক পেজত Live সম্প্ৰচাৰ কৰা হ’ব ৷ শ্ৰদ্ধাৰ ৰাইজক মোৰ বিনম্ৰ অনুৰোধ, মোৰ উত্তৰ সমূহ আপোনালোকৰ মনপুত হৈছে নে নাই কমেন্ট কৰি জনাবলৈ নাপাহৰিব ৷
আপোনালোক সকলোৰে আজিৰ দিনটো শুভ আৰু মঙ্গলময় হওঁক।