বিভাগীয় দায়িত্ব সমূহৰ সমান্তৰালকৈ মোৰ নিজ সমষ্টিৰ উন্নয়নৰ প্ৰতিও মই দায়বদ্ধ ৷ তাৰ পৰিপ্ৰেক্ষিততেই আজি আকৌ এবাৰ দিনজোৰা কৰ্মসূচীৰে পাটাছাৰকুছিত উপস্থিত থাকিম ৷

আপোনালোক প্ৰতিজনকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷

বিভাগীয় দায়িত্ব সমূহৰ সমান্তৰালকৈ মোৰ নিজ সমষ্টিৰ উন্নয়নৰ প্ৰতিও মই দায়বদ্ধ ৷ তাৰ পৰিপ্ৰেক্ষিততেই আজি আকৌ এবাৰ দিনজোৰা কৰ্মসূচীৰে পাটাছাৰকুছিত উপস্থিত থাকিম ৷ সমষ্টিত চলি থকা বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে সকলোবোৰ কাম-কাজ সঠিক ৰূপত ৰূপায়ণ হৈছে নে নাই সেইবিষয়ে সংশ্লিষ্ট বিভাগৰ সৈতে আলোচনাত মিলিত হ’ম ৷ ইয়াৰোপৰি, যোৱা কিছুদিনত পৰলোকপ্ৰাপ্তি ঘটা বিভিন্নজন ব্যক্তিৰ পৰিয়ালবৰ্গক এষাৰি সান্তনাৰ মাত লগোৱাৰ লগতে এই সময়ছোৱাত তেওঁলোকৰ দুখৰ সমভাগী হৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ হেতু তেখেতসকলৰ গৃহলৈ যাম ৷May be an image of 1 person, standing, bicycle and outdoors

সেয়েহে পুৱাতেই উঠি প্ৰাতঃভ্ৰমণ কৰি দিনটোৰ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে সাজু হৈছোঁ ৷

আপোনালোক সকলোৰে কুশল হওঁক, মঙ্গল হওঁক ৷ সকলোৰে আজি দিনটো শুভ হওঁক তাকে কামনা কৰিছোঁ ৷May be an image of 1 person, bicycle and road