ননীগোপাল মহন্ত ডাঙৰীয়াৰ “Citizenship Debate over NRC & CAA” শীৰ্ষক নৱতম গ্ৰন্থখনিৰ শুভ উন্মোচন কৰা হয় ৷
“NRC আৰু CAA আইনখন অনা আৰু ইয়াৰ সমৰ্থন কৰা অথবা বিৰোধ কৰাৰ অন্তৰালত এক বিশেষ চিন্তন আছে ৷ এই চিন্তন সমূহৰ কোনটো দিশ আমাৰ বাবে কল্যাণকাৰী সেইয়া আমি বিচাৰ কৰিব লাগিব ৷ এনেধৰণ প্ৰশ্ন আমাৰ জীৱনলৈ, দেশ তথা প্ৰদেশৰ জীৱনলৈ আহি থাকে বা গৈ থাকে ৷ ইয়াৰ পৰিণাম তেতিয়া গম পোৱা যায় যেতিয়া ইয়াৰ স্বৰূপৰ হৃদয়মঙ্গম কৰি ইয়াৰ অন্তৰালৰ চিন্তন বুজি আমি উচিত দিশ নিৰ্ণয় কৰিব পাৰোঁ ৷”
আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সন্মানীয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য সংঘচালক মোহন মধুকৰ ভাগৱত ডাঙৰীয়াই সম্বোধন কৰা অনুষ্ঠানত উপস্থিত থাকি আহ্লাদিত হ’লো ৷ মোহন ভাগৱত ডাঙৰীয়াৰ সাৱলীল বক্তব্যই মোৰ লগতে সভাত উপস্থিত প্ৰতিজনকে মোহিত কৰিলে ৷ তেখেতৰ ৰাষ্ট্ৰবাদী চিন্তাধাৰা তথা দেশপ্ৰেমৰ প্ৰমূল্যবোধে আমাক সদায়েই উদ্বুদ্ধ কৰে ৷ উক্ত সভাত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।
আনহাতে, এই অনুষ্ঠানতে আজি বিশিষ্ট শিক্ষাবিদ, চিন্তাশীল লেখক-অধ্যাপক ননীগোপাল মহন্ত ডাঙৰীয়াৰ “Citizenship Debate over NRC & CAA” শীৰ্ষক নৱতম গ্ৰন্থখনিৰ শুভ উন্মোচন কৰা হয় ৷ এই গ্ৰন্থখনি আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে সন্মানীয় মোহন ভাগৱত ডাঙৰীয়াই ।