আজিৰ পৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ সংস্কাৰমুখী যাত্ৰালৈ গতি কৰিব ৷ কিয়নো অলপতে নিযুক্তি দিয়া ৭০ গৰাকী এ.চি.এচ আৰু এ.এল.আৰ.এছ বিষয়াই ছিনিয়ৰ বিডিঅ’ হিচাপে নিযুক্তি পোৱাৰ পিছত আজিৰ পৰা তিনিদিনীয়াকৈ অৰ্থাৎ ২২, ২৩ আৰু ২৪ জুলাই তাৰিখে তেওঁলোকৰ প্ৰশিক্ষণ আৰম্ভ হ’ব আৰু আমি জানো যে আগতে ব্লক সমূহত ছিনিয়ৰ বিডিঅ’ থাকোতে যি গৰিমা আছিল সেই গৰিমা ব্লক সমূহ আনৰ তত্বাৱধান বা ভাৰপ্ৰাপ্ত হিচাপে দায়িত্বত থকা সকলৰ সময়ত ম্লান হৈছিল।
সম্প্ৰতি আমি এতিয়া ৭০ গৰাকী কৈ বিষয়াক ছিনিয়ৰ বিডিঅ’ হিচাপে নিযুক্তি দিছোঁ। আজিৰ পৰা তেওঁলোকৰ প্ৰশিক্ষণো আৰম্ভ হ’ব।
পৰ্যায় ক্ৰমে বিভাগটোৰ গৰিমা অটুত ৰখাৰ লগতে সংস্কাৰৰ বাবে সকলো পদক্ষেপ হাতত লোৱা হ’ব আৰু তাক সফল ভাৱে ৰূপায়ন কৰা হ’ব। বিভাগটোক নতুন উদ্যমেৰে সংস্কাৰমুখী কৰাৰ এই যাত্ৰাত মই ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ ।