আজি গুৱাহাটীৰ অসম পদাধিকাৰী প্ৰশাসনিক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা নৱ-নিযুক্ত ৭০ গৰাকী খণ্ড উন্নয়ন বিষয়াৰ পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়নৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত প্ৰশিক্ষণ তথা পৰামৰ্শ প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভণি কৰোঁ ।

আজি গুৱাহাটীৰ অসম পদাধিকাৰী প্ৰশাসনিক মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা নৱ-নিযুক্ত ৭০ গৰাকী খণ্ড উন্নয়ন বিষয়াৰ পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়নৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত প্ৰশিক্ষণ তথা পৰামৰ্শ প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভণি কৰোঁ ।May be an image of 2 people, people standing and indoor

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ গৰিমা অটুট ৰখা আৰু সংস্কাৰমুখী নতুন যাত্ৰাৰ অন্যতম পদক্ষেপ হিচাবে বিভাগে অলপতে নিযুক্তি প্ৰদান কৰা ৭০ গৰাকী জ্যেষ্ঠ খণ্ড উন্নয়ন বিষয়াৰ আজিৰে পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ অনুষ্ঠান শুভাৰম্ভ কৰি নিযুক্তি লাভ কৰা প্ৰতিগৰাকীকে মোৰ শুভেচ্ছা জ্ঞাপন কৰোঁ ।May be an image of one or more people, people sitting, people standing and indoor

প্ৰতিটো উন্নয়নৰ পদক্ষেপে সৰ্বস্তৰৰ ৰাইজক উপকৃত কৰাৰ ক্ষেত্ৰত খণ্ড উন্নয়ন বিষয়া সকলৰ ভূমিকা অপৰিসীম। সেয়েহে আজিৰ এই অনুষ্ঠানতে প্ৰতিগৰাকী নৱ-নিযুক্ত বিষয়াক অতি নিষ্ঠাৰে নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছোঁ। বিভাগৰ সংস্কাৰমুখী যাত্ৰাক শক্তিশালী গতি দিবলৈ প্ৰতিগৰাকী খণ্ড উন্নয়ন বিষয়াই নিজৰ দায়িত্বক দৃষ্টান্ত ৰূপে প্ৰতিফলিত কৰিবলৈ আহ্বান জনাওঁ ৷

Ministry of Rural Development, Government of India Panchayat & Rural Development, Assam Assam State Rural Livelihoods Mission